ভাৰতৰ চৰকাৰখনে দিনে দিনে ব্যংগাত্মক ৰূপ ল’বলৈ ধৰিছে! এতিয়া আনকি মোৰ প্রিয় আলোচনী দ্য ইকনমিষ্টেও অৱশেষত ৰাহুল গান্ধীৰ বিষয়ে এক নিবন্ধৰ জৰিয়তে প্রশ্ন কৰিছে, ৰাহুল গান্ধীৰ উদ্দেশ্য কি!! ইয়াৰ পূর্বে প্রখ্যাত টাইম আলোচনীয়েও আমাৰ প্রধানমন্ত্রী গৰাকীক অযোগ্য আখ্যা দিছিল! দৰাচলতে এইক্ষেত্রত অপ্রিয় সত্যটো হৈছে এয়ে যে, তেওঁৰ দৰে ৰাজনৈতিকভাৱে অথর্ব তথা বিগত দুটাকৈ কার্যকালত একেসুৰীয়া বিৰক্তিকৰ কণ্ঠেৰে কথা কৈ টোপনিতে খোজকঢ়াৰ দৰে আগুৱাই যোৱা এজন লোকৰ বাবে এইক্ষেত্রত অতি কোমল কটুবাক্যহে প্রয়োগ কৰা হৈছে
1905চনৰ ফেব্রুৱাৰী মাহত প্রখ্যাত লেখক জেক লণ্ডনে লেখক হ’ব বিচৰা এজন নতুন লেখকক উদ্দেশ্যি নিম্নোক্ত চিঠিখন লিখিছিল৷ জেক লণ্ডন প্রধানকৈ বিখ্যাত আছিল তেওঁৰ হোৱাইট ফেং আৰু কল অৱ দ্য ৱাইল্ড শীর্ষক বহুপঠিত গ্রন্থ দুখনৰ বাবে
ঊনাশীৰ অসম আন্দোলনৰ পুনৰাবৃত্তি ঘটিব নেকি 2012 চনত? এতিয়া প্রতিজন অসমীয়াৰ মুখে মুখে মাথো এটাই কথা পুনৰ একে আৱেগৰ বশৱর্তী হৈ অসমবাসীয়ে বিদেশী অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে এক জাগৰণৰ সৃষ্টি কৰিব নেকি? আমাৰ মাজৰে বহুতেই অসম আন্দোলনটোক সম্পূর্ণভাৱে এক আৱেগিক গণ জাগৰণ বুলি ক’ব খোজে যদিও বহুতেই আকৌ ইয়াক আৱেগ আৰু যুক্তিৰ আধাৰত পৰিচালিত এক আন্দোলন বুলিহে আখ্যা দিব বিচাৰিছে
লণ্ডন! আজি এইখন ঠাইৰ চাৰিওদিশে অদ্ভুত সম্পদ সিঁচৰতি হৈ আছে৷ মই যেতিয়া ট্রাফালগাৰ স্কোৱাৰত অৱস্থিত নেছনেল গেলৰী আৰু চাৰিং ক্রছলৈ যাওঁ, তেতিয়া মই আচৰিত হওঁ৷ সেই অঞ্চলত ফয়েল৲ছ নামৰ এখন সুবৃহৎ কিতাপৰ দোকানে মোক সদায়েই আকর্ষণ কৰি আহিছে
কয়লা মন্ত্র্যালয়ৰ কাম-কাজ সন্দর্ভত ভাৰতৰ মহাগাণনিক়ে (কেগে) প্রকাশ কৰা প্রতিবেদনখনে শেহতীয়াকৈ সংসদৰ বাহিৰে-ভিতৰে তুমুল প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ কেগৰ প্রতিবেদনখনে কয়লা ক্ষেত্রৰ আবণ্টনৰ ক্ষেত্রত হোৱা বৃহৎ কেলেংকাৰি তথা অনিয়মৰ কথা উদঙাই দিছে
পুনৰ বিতর্কলৈ আহিছে অমৰনাথ তীর্থযাত্রা৷ ভগৱান শিৱৰ নামত উৎসর্গিত পৱিত্র গুহাটোক সংলগ্ন কৰি পর্বতৰ মাজেৰে এটা পথ নির্মাণ কৰিবলৈ উচচতম ন্যায়ালয়ে অলপতে জম্মু কাশ্মীৰৰ চৰকাৰক দিয়া এক নির্দেশক কেন্দ্র কৰি এই বিতর্কৰ সূচনা হৈছে
বিগত তিনিটা বছৰজুৰি চীনৰ মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ উর্দ্ধগামী হোৱাৰ পৰিৱর্তে নিম্নগামীয়ে হৈ গৈ আছে৷ ইয়াৰ প্রভাৱ এছীয় অর্থনীতিত বাৰুকৈয়ে পৰিছে৷ ব্রাজিল আৰু ভাৰতৰ দৰে দেশে অন্য অর্থনৈতিক উন্নয়নৰ লক্ষ্যত উপনীত হ’বলৈ দ্রুতগতিত আগবঢ়াৰ সময়তে অৱশ্যে কেৱল কেতবোৰ কঠোৰ অর্থনৈতিক পদক্ষেপৰ বাবেই চীনে এইক্ষেত্রত সমানে তাল মিলাই যাব পৰা নাই৷ গোলকীয় অর্থনীতিৰ সৈতে ভাৰসাম্য ৰক্ষা কৰাত সেয়ে চীন ব্যর্থ হৈছে